Indian Language Bible Word Collections
1 Corinthians 10:25
1 Corinthians Chapters
1 Corinthians 10 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Corinthians Chapters
1 Corinthians 10 Verses
1
|
{#1সাৱধানতা আৰু ভাতৃ-প্ৰেম আদি } হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ[* যা. 13:21 ] তলত আছিল, আৰু সকলোৱেই সাগৰৰ [† যা. 14:22 ] মাজেদি পাৰ হৈছিল৷ |
2
|
মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷ |
3
|
তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ[‡ যা. 16:15, 35 ] ভোজন কৰিছিল, |
4
|
সকলোৱেই একে আত্মিক জল[§ যা. 17:6 ] পান কৰিছিল৷ কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট। |
6
|
তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল। |
7
|
এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷ তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”। |
8
|
তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক। |
9
|
তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ। |
10
|
তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷ |
11
|
তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে। |
12
|
এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক। |
13
|
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব। |
14
|
এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকক৷ |
15
|
মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷ |
16
|
আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে? |
17
|
কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷ |
18
|
ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে? |
19
|
তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে? |
20
|
তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। |
21
|
আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে। |
22
|
নতুবা, আমি প্ৰভুৰ ঈৰ্ষা[* দ্বি. বি. 6:15; 32:21 ] জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত? |
23
|
সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে। |
24
|
প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক। |
25
|
যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি[† নুসুধি-নুপুচি বিচাৰ নকৰাকৈ ] সেইবোৰ ভোজন কৰিব; |
26
|
কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। |
27
|
খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি[‡ নুসুধি-নুপুচি বিচাৰ নকৰাকৈ ], যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব। |
28
|
কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব। |
29
|
দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়? |
30
|
মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়? |
31
|
এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব। |
32
|
তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয় |
33
|
কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷ |