Indian Language Bible Word Collections
3 John 1:4
3 John Chapters
3 John 1 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
3 John Chapters
3 John 1 Verses
1
|
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। |
2
|
যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ। |
3
|
মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই। |
4
|
হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন, |
5
|
তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷ |
6
|
কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল। |
7
|
এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত। |
8
|
মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। |
9
|
এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে। |
10
|
হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই। |
11
|
দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছোঁ; আৰু আমাৰ সাক্ষ্য যে সত্য, [* যো 21:24৷ ] সেই বিষয়ে আপুনি জানে। |
12
|
আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ; |
13
|
বৰং আশা কৰোঁ যে, আপোনাক অতি সোনকালে দেখিবলৈ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম। |
14
|
আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধু সকলে আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক মোৰ নামেৰে সম্ভাষণ জনাব৷ |