Indian Language Bible Word Collections
1 Corinthians 3:8
1 Corinthians Chapters
1 Corinthians 3 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Corinthians Chapters
1 Corinthians 3 Verses
1
|
{#1প্রচাৰক সকল; ঈশ্বৰৰ পৰিচাৰক } প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো। |
2
|
মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে; |
3
|
কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে? |
4
|
কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই? |
5
|
তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে; |
6
|
মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। |
7
|
এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। |
8
|
যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। |
9
|
কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ। |
10
|
ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। |
11
|
কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। |
12
|
এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, |
13
|
তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ[* সেইদিন: সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব। ] পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। |
14
|
তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। |
15
|
আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব। |
16
|
আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে? |
17
|
কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র। |
18
|
কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক। |
19
|
কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’। [‡ ইয়োব 5:13 ] |
20
|
পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।” [§ গীত 94:11 ] |
21
|
এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই; |
22
|
পৌল, আপল্লো বা কৈফাই[* কৈফা - পিতৰৰ আন নাম। ] হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ; |
23
|
আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ। |