কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।
এতিয়া, হে প্ৰিয় ভাই আৰু ভনী সকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে আপোনালোকৰ কিবা লাভ হবনে? শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহলে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ’ব।
এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়।
এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নক’ব নে?
সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷
এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা[* যিচয়া 28:11, 12 ], কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।