Indian Language Bible Word Collections
Galatians 1:5
Galatians Chapters
Galatians 1 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Galatians Chapters
Galatians 1 Verses
2
মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
3
মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ[* গালাতীয়া: পৌলে এই ঠাইৰ পৰা প্রথম ধর্মযাত্রাৰ সময়ত উপদেশ দিছিল আৰু মণ্ডলী স্থাপন কৰিছিল। পা:কর্ম 13 আৰু 14 অধ্যায়। ] মণ্ডলীবোৰৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;
4
যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
5
সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
6
{#1শুভবার্তা এটাই } খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
7
আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
8
কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
9
আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
11
মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ। {#1পৌলৰ পাঁচনি বাবৰ বিৱৰণ } ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।
12
কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
13
আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
14
ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।
15
কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
16
মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
17
এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ।
18
ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
19
তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।
20
চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
21
তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;
22
তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল
23
কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল।”
24
আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।