Indian Language Bible Word Collections
Psalms 101:4
Psalms Chapters
Psalms 101 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Psalms Chapters
Psalms 101 Verses
1
|
{দায়ুদৰ ৰচিত গীত। } মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। |
2
|
মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। |
3
|
মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। |
4
|
কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। |
5
|
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম। |
6
|
দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব। |
7
|
ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। |
8
|
প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম। |