Indian Language Bible Word Collections
Exodus 2:20
Exodus Chapters
Exodus 2 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Exodus Chapters
Exodus 2 Verses
1
{মোচিৰ জন্ম; আৰু তেওঁ ডাঙৰ দীঘল হোৱা। } লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।
2
পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
3
কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।
4
তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
5
ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।
6
তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, “এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।”
7
তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, “আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?”
8
ফৰৌণৰ জীয়েকে ক’লে, “যোৱা।” তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
9
ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, “আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।” তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।
10
ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”
11
মোচি যেতিয়া ডেকা হ’ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।
12
তেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপায়, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।
13
তাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক’লে, “তোমাৰ ভাইক কিয় মাৰিছা?”
14
কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
16
ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল। মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
17
তেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।
18
ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
19
তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।”
20
তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”
21
মোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ’ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।
22
চিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম ৰাখিলে। মোচিয়ে ক’লে, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।”
23
{ঈশ্বৰে মোচিক আমন্ত্ৰণ কৰা। } বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
24
তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
25
ঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।