Indian Language Bible Word Collections
2 Chronicles 17:1
2 Chronicles Chapters
2 Chronicles 17 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
2 Chronicles Chapters
2 Chronicles 17 Verses
1
|
{#1যিহোচাফটৰ ৰাজত্ব৷ দেশৰ উন্নতিলৈ তেওঁৰ চেষ্টা৷ } তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে। |
2
|
তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে। |
3
|
যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷ |
4
|
কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে। |
5
|
এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল। |
6
|
তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে। |
7
|
তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷ |
8
|
আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া,জবদিয়া,অচাহেল,চমীৰামোৎ,যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে। |
9
|
তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে। |
10
|
তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে। |
11
|
আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে। |
12
|
এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল। |
13
|
যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল। |
14
|
তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল; |
15
|
তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল; |
16
|
তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷ |
18
|
বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল; আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷ |
19
|
এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল। |