Indian Language Bible Word Collections
Psalms 111:5
Psalms Chapters
Psalms 111 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Psalms Chapters
Psalms 111 Verses
1
|
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম। |
2
|
যিহোৱাৰ কাৰ্যবোৰ মহৎ; যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে। |
3
|
তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। |
4
|
তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু। |
5
|
তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়; নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব। |
6
|
অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে। |
7
|
তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য। |
8
|
সেইবোৰ অনন্ত কাললৈকে অলৰ; সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে। |
9
|
নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ। |
10
|
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে। |