Indian Language Bible Word Collections
Isaiah 12:2
Isaiah Chapters
Isaiah 12 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Isaiah Chapters
Isaiah 12 Verses
1
|
সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে। |
2
|
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।” |
3
|
পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা। |
4
|
সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। |
5
|
যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক। |
6
|
হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।” |