Indian Language Bible Word Collections
Amos 1:12
Amos Chapters
Amos 1 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
Amos Chapters
Amos 1 Verses
2
|
আমোচ তকোৱাৰ মেৰ-ছাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়। {#1ইস্ৰায়েলৰ প্রতিবেশীসকলৰ দণ্ড - অৰামৰ দণ্ড } |
3
|
আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।” যিহোৱাই এই কথা কৈছে: “দম্মেচকৰ তিনিটা এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্রৰে তেওঁলোকে গিলিয়দক মাৰিলে। |
4
|
সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব। |
5
|
মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।” |
6
|
{#1ফিলিস্তিনীয়াসকলৰ দণ্ড } যিহোৱাই এই কথা কৈছে: “গাজাৰ তিনিটা, এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ইদোমৰ হাতত শোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল। |
7
|
সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব। |
8
|
মই অচ্দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।” |
9
|
{#1তূৰৰ দণ্ড } যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে। |
10
|
সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।” |
11
|
{#1ইদোমবাসীৰ দণ্ড } যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। |
12
|
সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।” |
13
|
{#1অম্মোনবাসীৰ দণ্ড } যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে। |
14
|
সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব। |
15
|
তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ’ব।” |