Indian Language Bible Word Collections
2 Samuel 22:24
2 Samuel Chapters
2 Samuel 22 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
2 Samuel Chapters
2 Samuel 22 Verses
1
|
যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷ |
2
|
তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা। |
3
|
মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা। |
4
|
প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ। |
5
|
কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল। |
6
|
চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। |
7
|
সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল। |
8
|
তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল। |
9
|
তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল। |
10
|
তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল। |
11
|
তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল। |
12
|
আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷ |
13
|
তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল। |
14
|
যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে। |
15
|
তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে। |
16
|
যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল। |
17
|
তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷ |
18
|
তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল। |
19
|
মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল। |
20
|
তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে। |
21
|
যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে। |
22
|
কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷ |
23
|
কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷ |
24
|
তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ। |
25
|
এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে। |
26
|
যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷ |
27
|
তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা। |
28
|
তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা। |
29
|
কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷ |
30
|
কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ। |
31
|
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান। |
32
|
কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে? |
33
|
ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়। |
34
|
তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়। |
35
|
তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷ |
36
|
তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে। |
37
|
তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল। |
38
|
মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ। |
39
|
মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল। |
40
|
কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা। |
41
|
তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ। |
42
|
তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে। |
43
|
তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ। |
44
|
তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা। |
45
|
বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে। |
46
|
বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল। |
47
|
যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক; |
48
|
যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে, |
49
|
আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা। |
50
|
এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম। |
51
|
ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।” |