Indian Language Bible Word Collections
2 Chronicles 22:9
2 Chronicles Chapters
2 Chronicles 22 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
2 Chronicles Chapters
2 Chronicles 22 Verses
1
|
তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল। |
2
|
অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল। |
3
|
তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল। |
4
|
আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে। |
5
|
তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে। |
7
|
এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷ কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল। |
8
|
পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল। |
10
|
পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল। {অথলিয়া ৰাণীৰ ৰাজত্ব আৰু তেওঁৰ বিনাশ। } অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে। |
11
|
কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে। |
12
|
পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল। |