Indian Language Bible Word Collections
2 Chronicles 16:13
2 Chronicles Chapters
2 Chronicles 16 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
2 Chronicles Chapters
2 Chronicles 16 Verses
2
|
আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে। তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে, |
3
|
“মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।” |
4
|
তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে। |
5
|
বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল। |
6
|
তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে। |
7
|
সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল। |
8
|
কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল। |
9
|
কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।” |
10
|
তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে। |
11
|
চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। |
12
|
আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল। |
13
|
পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল। |
14
|
পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল। |