Indian Language Bible Word Collections
1 Timothy 4:15
1 Timothy Chapters
1 Timothy 4 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Timothy Chapters
1 Timothy 4 Verses
1
|
{#1অধ্যক্ষৰ উপযুক্ত ব্যৱহাৰ } পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ[* মথি 24:5, 11, 24; পি 2:1, 2 ] ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব, |
2
|
কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷ |
3
|
এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷ |
4
|
কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়, |
5
|
যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। |
6
|
এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷[† যিৰি 15:26; 1 পি 2:2 ] |
7
|
কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা। |
8
|
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে। |
9
|
এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী। |
10
|
কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ। |
11
|
তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। |
12
|
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা। |
13
|
মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা। |
14
|
যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল। |
15
|
এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব। |
16
|
তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।[‡ 1 কৰ 9:22; যাক 5:20 ] |