Indian Language Bible Word Collections
1 Timothy 2:7
1 Timothy Chapters
1 Timothy 2 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Timothy Chapters
1 Timothy 2 Verses
1
|
{#1প্ৰাৰ্থনাৰ বিষয়; স্ত্ৰীলোকৰ কর্তব্য } মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷ |
2
|
ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ; |
3
|
এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷ |
4
|
তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।[* যিহি 33:11;2 পি 3:9৷ ] |
5
|
কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু; |
6
|
তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷[† মথি 20:26; মার্ক 10:45; 1 পি 1:18, 19৷ ] |
7
|
এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷ |
8
|
মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷ |
9
|
সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়; |
10
|
কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷[‡ 1 পি 3:1-4 ] |
11
|
মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক। |
12
|
শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ। |
13
|
কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল; |
14
|
আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;[§ আ 3:1-17 ] |
15
|
তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷ |