Indian Language Bible Word Collections
1 Samuel 27:7
1 Samuel Chapters
1 Samuel 27 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Samuel Chapters
1 Samuel 27 Verses
1
|
{দায়ুদ পলেষ্টীয়া দেশৰ চিক্লগত থকা। } |
2
|
পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’। এই কাৰণে দায়ুদ উঠিল আৰু নিজৰ ছশ লোকক লগত লৈ মায়োকৰ পুত্ৰ গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল। |
3
|
দায়ূদে গাতত আখীচৰ সৈতে বাস কৰিবলৈ ল’লে, তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ দায়ুদ আৰু তেওঁৰ ভার্যা যিজ্ৰিয়েলীয়া অহীনোৱম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলীয়া অবীগল তেওঁৰ সৈতে তাতে প্ৰবাস কৰিলে। |
4
|
পাছত চৌলে দায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে। |
5
|
তাৰ পাছত দায়ূদে আখীচক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহলে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থকিবলৈ ঠাই দিয়ক; কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব?” |
6
|
তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে। |
7
|
দায়ূদে পলেষ্টীয়াসকলৰ দেশত সম্পূৰ্ণ এবছৰ চাৰি মাহ বাস কৰিলে। |
8
|
সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল। |
9
|
দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল। |
11
|
তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।” কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল। |
12
|
আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।” |