Indian Language Bible Word Collections
1 Chronicles 16:36
1 Chronicles Chapters
1 Chronicles 16 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Chronicles Chapters
1 Chronicles 16 Verses
1
|
তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক বৈ আনিলে আৰু দায়ূদে নিয়ম-চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰিলে। |
2
|
দায়ূদে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে। |
3
|
তেওঁ ইস্ৰায়েলৰ সকলো লোকক, পুৰুষ আৰু মহিলাৰ মাজত এটাকৈ পিঠা, এটুকুৰাকৈ মাংস, আৰু এটাকৈ কিচমিচৰ পিঠা ভগাই দিলে। |
4
|
দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে। |
5
|
সেই লেবীয়াসকলৰ মাজত প্ৰধান আছিল আচফ। তেওঁৰ পাছত জখৰিয়া, যিয়ীয়েল, চমীৰামোৎ, যিহীয়েল, মত্তিথিয়া, ইলীয়াব, বনায়া, ওবেদ-ইদোম, আৰু যিয়ীয়েল, এওঁলোকে বেহেলা আৰু বীণা বজাইছিল। আচফে মহা-ধ্বনিৰে তাল বজাইছিল, |
6
|
যহজীয়েল আৰু বনায়া, এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম-চন্দুকৰ আগত প্রতিদিনে শিঙা বজাইছিল। |
8
|
তাৰ পাছত সেই দিনাই দায়ুদে যিহোৱাক ধন্যবাদ দিবৰ বাবে এই গীত গাবলৈ আচফ আৰু তেওঁৰ ভাইসকলক নিযুক্ত কৰিলে। যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা। |
9
|
তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ মহিমা কৰা; তেওঁৰ সকলো আচৰিত কাৰ্যবোৰ কোৱা। |
10
|
তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক। |
11
|
যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা। |
12
|
তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা। |
13
|
তেওঁৰ দাস ইস্ৰায়েলৰ বংশধৰসকল, তেওঁৰ মনোনীত সকলৰ মাজৰ এজন যাকোবৰ লোক, |
14
|
তেওঁ যিহোৱা, আমাৰ ঈশ্ৱৰ। তেওঁৰ শাসন-প্ৰণালী সকলো পৃথিৱীত প্ৰচলিত। |
15
|
তোমালোকে তেওঁৰ নিয়মটি চিৰদিনলৈকে মনত ৰাখা, এক হাজাৰ পুৰুষক তেওঁৰ বাক্য আজ্ঞা কৰা। |
16
|
তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম, আৰু ইচহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা। |
17
|
আৰু এইদৰে তেওঁ যাকোবৰ বাবে এটা বিধান স্থিৰ কৰিলে, আৰু ইস্ৰায়েলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে। |
18
|
তেওঁ ক’লে, “মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম।” |
19
|
মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ, আৰু দেশত প্ৰবাসী আছিলা। |
20
|
তেওঁলোক এক দেশৰ পৰা আন দেশলৈ, এক ৰাজ্যৰ পৰা আন ৰাজ্যলৈ |
21
|
তেওঁ তেওঁলোকক অত্যাচাৰ কৰিবলৈ কাকো নিদিলে; তেওঁ তেওঁলোকৰ বাবে ৰজা সকলকো শাস্তি দিছিল। |
22
|
তেওঁ কৈছিল, “তোমালোকে মোৰ অভিষিক্ত সকলক নুচুবা, আৰু মোৰ ভাববাদী সকলৰ কোনো অনিষ্ট নকৰিবা।” |
23
|
হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা। |
24
|
জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। |
25
|
কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক। |
26
|
কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে। |
27
|
মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে। তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে। |
28
|
জাতি সমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা। যিহোৱাৰ উদ্দেশে গৌৰৱ আৰু শক্তি দিয়া; |
29
|
যিহোৱাৰ উদ্দেশে তেওঁৰ নাম গৌৰৱ কৰা। তেওঁৰ আগত উপহাৰ লৈ আহাঁ। পবিত্ৰতাৰে বিভূষিত হৈ যিহোৱাৰ আগত আঁঠুকাঢ়া। |
30
|
সমস্ত পৃথিৱী, তেওঁৰ আগত কম্পমান হোৱা। পৃথিৱী খনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে। |
31
|
আকাশ-মণ্ডল আনন্দ কৰক, আৰু পৃথিৱীও উল্লাসিত হওক; জাতি সমূহৰ মাজত তেওঁলোকে কওঁক, “যিহোৱাই ৰাজত্ব কৰিছে।” |
32
|
সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক; আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱেও আনন্দ কৰক। |
33
|
তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। |
34
|
যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। |
35
|
আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰোঁ। |
36
|
ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওক। অনাদি কালৰ পৰা অনন্ত কাললৈকে।” তেতিয়া সকলো লোকে ক’লে, “আমেন ” আৰু যিহোৱাৰ প্ৰশংসা কৰিলে। |
37
|
প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে। |
38
|
ওবেদ-ইদোমৰ লগত তেওঁলোকৰ আঠষষ্টি জন সম্পৰ্কীয় লোকক ভুক্ত কৰা হ’ল, যিদূথূনৰ পুত্ৰ ওবেদ-ইদোম আৰু লগতে হোচা দুৱৰী হ’ল। |
39
|
চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে। |
40
|
হোম-বেদিৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে একেৰাহে ৰাতিপুৱা আৰু গধূলি হোম-বলি উৎসৰ্গ কৰিছিল, এইসকলো যিহোৱাই লিখাৰ দৰে কাৰ্য কৰিবলৈ ইস্ৰায়েলক যিহোৱাই আজ্ঞা কৰিছিল। |
41
|
যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,” |
42
|
হেমন আৰু যিদূথূন তূৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্ত্ৱাৱধানত আছিল। যিদূথূনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল। |
43
|
তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভটি আহিল, আৰু দায়ূদেও নিজৰ পৰিয়ালসকলক আশীৰ্ব্বাদ কৰিবলৈ উভতি আহিল। |