Indian Language Bible Word Collections
1 Chronicles 15:13
1 Chronicles Chapters
1 Chronicles 15 Verses
Books
Old Testament
New Testament
Bible Versions
English
Tamil
Hebrew
Greek
Malayalam
Hindi
Telugu
Kannada
Gujarati
Punjabi
Urdu
Bengali
Oriya
Marathi
Assamese
Books
Old Testament
New Testament
1 Chronicles Chapters
1 Chronicles 15 Verses
1
|
{যিৰূচালেমলৈ নিয়ম-চন্দুক অনা। দায়ূদৰ স্তুতি-গীত। } তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে। |
2
|
তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।” |
3
|
দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে। |
5
|
দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে। কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল। |
6
|
মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল। |
7
|
গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল। |
8
|
ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল। |
9
|
হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল। |
10
|
উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল। |
11
|
দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে। |
12
|
তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা। |
13
|
প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।” |
14
|
সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে। |
15
|
যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে। |
16
|
দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক। |
17
|
সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল। |
18
|
তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে। |
19
|
বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল, |
20
|
জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ, |
21
|
মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল। |
22
|
লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল। |
23
|
বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল। |
24
|
চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল। |
25
|
সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল। |
26
|
যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল। |
27
|
দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল। |
28
|
এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল। |
29
|
কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে। |